Get Even More Visitors To Your Blog, Upgrade To A Business Listing >>

Assam TET 2019 EVS Chapter & Notes on Balanced Diet সুষম আহাৰ

সুষম আহাৰ:

জীৱনধাৰণৰ তিনিটা মৌলিক বস্তু – খাদ্য ,বস্ত্র আৰু বাসস্থানৰ ভিতৰত খাদ্যই মূখ্য বস্তু । কিন্ত্ত খাদ্য বুলিলে অকল পেট ভৰাবলৈ খোৱা আহাৰকে নুবুজায় । যি আহাৰত আমাৰ শৰীৰৰ প্রয়োজনীয় পুষ্টিসাধন হয় আৰু যি আহাৰে আমাৰ শৰীৰক অভাব জনিত ৰোগ আদি হোৱাৰ পৰা ৰক্ষা কৰে , তেনে আহাৰ ক সুষম আহাৰ বোলে,
এই সুষম আহাৰত আমাৰ শৰীৰৰ প্রয়োজনীয় সকলোখিনি পৰিপুষ্টি (Nutrients) পোৱা যায় ।

নাইবা আমি এনেকৈ ও কব পাৰোঁ
যি আহাৰৰপৰা আমি কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন, স্নেহ পদাৰ্থ, খনিজ দ্ৰব্য আৰু ভিটামিন প্ৰয়োজনীয় পৰিমাণত পাওঁ তেনে আহাৰক সুষম আহাৰ বোলে।

আমি দৈনন্দিন খোৱা খাদ্যবস্তুবোৰক প্রধানতঃ হৈছে

১/ শ্বেতসাৰ বা Carbohydrate:
শ্বেতসাৰ যুক্ত আহাৰ যেনে – চাউল , ঘেহুঁ ,মাকৈ ,আলু । গুড় ,চেনি , মৌ , কুঁহিয়াৰ ইত্যাদিক শক্তিদায়ক আহাৰ (Energy giving food) হিচাপে ধৰা হয় ।

  • আমাৰ খাদ্যৰ এক বৃহত্ অংশ আমি শ্বেতসাৰ যুক্ত আহাৰৰ পৰা পাওঁ ।
  • এই খাদ্যই শৰীৰত প্রয়োজনীয় তাপ আৰু শক্তিৰ যোগান ধৰে ।
    শৰীৰে প্রয়োজনীয় অংশ গ্রহণ কৰাৰ পাছত ৰৈ যোৱা অতিৰিক্ত শ্বেতসাৰ দেহত চর্বিৰুপে জমা হয় ।
    আমাৰ দেহত থকা অগ্ন্যাশয়ত (Pancreas) ইনচুলিণ নামৰ হ’ৰমনৰ উত্পাদন কমি গ’লে দেহৰ কোষ বোৰে শর্কৰা (Starch) জাতীয খাদ্য গ্রহণ কৰিব নোৱাৰা হয় , এনে অৱস্থাত বহুমূত্র ৰোগে দেখা দিয়ে ।

২/ Protein বা মাংস সাৰ
প্রটিন বা মাংসসাৰ যুক্ত আহাৰে আমাৰ শৰীৰৰ কোষ গঠন ,মেৰমতি, ৰোগ প্রতিৰোধকাৰী পদার্থ আৰু পাচক ৰস তৈযাৰ কৰাৰ বাবে প্রয়োজনীয় উপাদানবোৰৰ যোগান ধৰে ।
সেয়ে ইয়াক “শৰীৰ গঠনকাৰী (Body building food) আহাৰ” হিচাবে ধৰা হয় ।

ইয়াৰ function সমূহ হৈছে –
শাৰীৰিক বৃদ্ধি আৰু পৰিপুষ্টিত মাংসসাৰে বিশেষভাৱে সহায় কৰে । খাদ্যৰ পাচন ক্রিয়াত প্রয়োজন হোৱা উত্ষচক (Enzyme) প্রটিন বা মাংসসাৰ দ্বাৰা গঠিত । ইয়াৰ উপৰিও এই উত্ষচকৰ (Enzyme) সহায়ত প্রটিন ভাঙি “এমাইন ‘এচিড’লৈ (Amino acid) ৰুপান্তৰিত হয় আৰু এই এমাইন’এচিড হে শৰীৰ গ্রহণ কৰে।

Protein জাতীয় খাদ্য বোৰ যেনে:
ডাইল / ৰাজমাহ / মগুমাহ / বুট / চয়াবিন /বাদাম / কাঠফুলা / মাছ মাংস/ কণী ইত্যাদি

৩/ স্নেহ পদার্থ বা চর্বি জাতীয় আহাৰ:
যাক আমি (Fats) বুলি কওঁ। স্নেহ বা চর্বি জাতীয় খাদ্যত শৰীৰৰ বাবে প্রয়োজনীয় শক্তি (Energy) সঞ্চয় হৈ থাকে ।
ঘিঁউ, মাখন, গাখীৰ ,বাদাম, কাজু ,নাৰিকল, তেল ইত্যাদিত এই চর্বি পোৱা যায়।

স্নেহ পদার্থ পাচন হলে স্নেহ এচিড আৰু গ্লিছাৰল নামৰ দ্রৱ্য উত্পাদিত হয় আৰু শৰীৰৰ কোষত প্রৱেশ কৰে।

৪/ “খাদ্যপ্রাণ বা ভিটামিন” আৰু খনিজ লৱণ

ভিটামিন আৰু খনিজ লৱণক ” প্রতিৰক্ষা বা দেহ নিয়ন্ত্রণ কাৰী ” আহাৰ হিচাবে ধৰা হয় ।

ভিটামিনক A,B,C,D,E,K হিচাবে নামকৰণ কৰা হৈছে । এইবোৰৰ প্রত্যেকৰে শৰীৰত কাম বেলেগ বেলেগ।

আনহাতেদি খনিজ লৱণবোৰ হ’ল – চডিয়াম ,পটাচিয়াম, কেলচিয়াম, আইৰণ, ইত্যাদি । এইবোৰ সকলোৱে শৰীৰত বিভিন্ন কাম কৰে।

ইয়াৰ খাদ্য উৎস সমূহ হৈছে সেউজীয়া শাক – পাচলি / কচুঁ /ঢেঁকীয়া / পালেং শাক / খুতুৰা শাক / মৰিচা শাক / মাটি কাঁদুৰী / মানিমুনী ইত্যাদি

ইয়াৰ বাহিৰেও শৰীৰৰ অতি আৱশ্যকীয় বস্তু হৈছে ‘পানী ‘-

  • তেজৰ শতকৰা ৯২ ভাগ পানী।
  • পানীৰ সহায়ত শৰীৰৰ উত্তাপ নিয়ন্ত্রণ হয়।
  • পানীয়ে আহাৰ পৰিপাক অর্থাত্ খোৱা বস্তু হজম হোৱাত সহায় কৰে ।
  • দেহৰ জৈৱিক কার্য্যৰ বাবে পানীৰ আৱশ্যক হয় ।
  • জীৱকোষৰ স্বাভাৱিক ক্রিয়াৰ বাবে পানীৰ আৱশ্যক ।
  • পানীয়ে আহাৰৰ উপাদান সমূহ শৰীৰৰ বিভিন্ন কোষলৈ কঢ়িয়াই নিয়াত সহায় কৰে ।
  • শৰীৰত উত্পন্ন হোৱা দূষিত বস্তু সমূহ বাহিৰলৈ উলিয়াই নিয়াত সহায় কৰে ।
  • পানীয়ে বহুতো ৰোগ নির্মূলত সহায় কৰে যেনে – পিত্তশুল(Gastric) ,বৃক্কৰ বেমাৰ (Kidney Trouble),কৌষ্ঠ কাঠিন্য (Constipation) ইত্যাদি।
  • কিন্ত্ত সদায় বিশুদ্ধ পানীহে খাব লাগে ,উতলাই চেঁচা কৰি নাইবা বজাৰত কিনিবলৈ পোৱা ফিল্টাৰ ব্যৱহাৰ কৰি পানী বিশুদ্ধ কৰি খাব লাগে।
  • প্রতিদিনে ৮ ৰ পৰা ১০ গিলাছ পানী খাব লাগে।
  • সাধাৰণতে জীৱ কোষত ৮০-৯০ শতাংশ পানী থাকিব লাগে ।

ইয়াৰ বাহিৰেও আমাৰ শৰীৰৰ অতি আৱশ্যকীয় বস্তু হৈছে ‘পানী ‘-

  • তেজৰ শতকৰা ৯২ ভাগ পানী থাকে।

-পানীৰ সহায়ত শৰীৰৰ উত্তাপ নিয়ন্ত্রণ হয়।

  • পানীয়ে আহাৰ পৰিপাক অর্থাত্ খোৱা বস্তু হজম হোৱাত সহায় কৰে ।
  • দেহৰ জৈৱিক কার্য্যৰ বাবে পানীৰ আৱশ্যক হয় ।
  • প্রতিদিনে ৮ ৰ পৰা ১০ গিলাছ পানী খাব লাগে।

The post Assam TET 2019 EVS Chapter & Notes on Balanced Diet সুষম আহাৰ appeared first on innovate Assam.



This post first appeared on Innovate Assam, please read the originial post: here

Share the post

Assam TET 2019 EVS Chapter & Notes on Balanced Diet সুষম আহাৰ

×

Subscribe to Innovate Assam

Get updates delivered right to your inbox!

Thank you for your subscription

×